মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায়

এফ. এ. কিউ

১. কোনবোৰ সমিতি সমবায় হিচাবে পঞ্জীয়ন কৰিব পাৰি ?

এখন সমিতি যিখনৰ মুখ্য উদ্দেশ্য হয় অৰ্থনৈতিক উন্নতি আৰু সহযোগীতাৰ নীতি অনুসৰি সমিতিৰ সদস্যসকলৰ সাধাৰণ কল্যাণ কামনা কৰে তেনে সমিতিক পঞ্জীয়ন কৰিব পাৰি।

২. সমবায় গঠনত লাভ কি ?

`আত্মসহায়ক` আৰু `সহযোগীতা`ৰ নীতিৰ ভিত্তিত সমবায়ে কাম কৰে। সেয়ে সমবায়সমূহ আত্মসহায়ক গোটৰ পৰা কোনো পৃথক নহয় যিয়ে একে নীতিৰে কাম কৰে। তথাপিও সমবায় সমূহ বহুত বেছি সংগঠিত, যাৰ আছে এটা স্পষ্ট গাঁঠনি আৰু ভূমিকা পালন কৰে ভাৰতীয় সংবিধানৰ গণ্ডীত থাকি তাৰোপৰি অসম সমবায় সমিতি ২০০৭ ৰ ব্যৱস্থাৱলীৰ ভিত্তিত উপবিধিৰ নীতি পালনৰ জৰিয়তে আৰু ৮ প্ৰকাৰৰ সমবায় নীতি অনুকৰণ কৰি ই কাম কৰে।

৩. সমবায়ৰ / সমবায়সমূহৰ সমিতি গঠন / বিভাগৰ দ্বাৰা পঞ্জীয়ন কৰিব পাৰিনে ?

হয়, পাৰি। সমবায়ৰ সমিতি গঠন কৰিব পাৰি / বিভাগৰ- বিভাজনৰ দ্বাৰা বৰ্তি থকা সমবায় নতুনকৈ গঠন কৰিব পাৰি। সমবায় সমিতিসমূহৰ সমিলমিল বা একত্ৰীকৰণ সম্ভৱ হয়।

৪. এখন সমবায় সমিতি পঞ্জীয়নত কিবা খৰচ জড়িত হৈ থাকেনে?

হয়, থাকে। প্ৰস্তাৱিত সমবায় কৰ্তৃপক্ষৰ অংশ মূলধনৰ ১ শতাংশ পৰিমানৰ ধন কোষাগাৰৰ সঠিক শিতানত জমা কৰিব লাগে সমবায় সমিতিখনৰ পঞ্জীয়নৰ মাচুল হিচাবে।

৫. ১৮ বছৰৰ তলৰ ব্যক্তি এজনক সমবায় সমিতিৰ সদস্য হিচাপে ভৰ্তি কৰাব পাৰিনে?

নোৱাৰি। সমবায় সমিতিৰ সদস্যপদ ১৮ বছৰ আৰু তাৰ ওপৰৰ বয়সৰ ব্যক্তিৰ কাৰণেহে মুকলি হৈ থাকে।

৬. এখন নতুনকৈ পঞ্জীয়নভূক্ত সমবায় সমিতিৰ কাৰণে চৰকাৰে কেনেকুৱা ধৰণৰ আৰ্থিক বা আন সহায় আগবঢ়ায়?

২০১৬-১৭ বাজেটত বিভাগৰ কোনো ব্যৱস্থাৰ উল্লেখ নাই নতুনকৈ পঞ্জীয়নভূক্ত এখন সমবায় সমিতিক আৰ্থিক সাহাৰ্য্য দিয়াৰ বাবে। তথাপিও বিভাগে সমবায়ৰ ক্ষেত্ৰত দায়িত্ব লৈ উপদেশ- পৰামৰ্শ দি যাব।

৭. সমবায় কমিতিৰ সচিবৰ সেৱা নিয়মীয়াকৰণৰ বাবে চৰকাৰৰ কিবা পৰিকল্পনা আছেনে?

নাই। নিজ নিজ সমবায় সমূহৰ সঞ্চালক ব`ৰ্ডৰ দ্বাৰা সচিবসমূহক নিযুক্তি দিয়া হয় আৰু তেওঁলোক সমিতিৰ কৰ্মচাৰী থাকি যায় আৰু এখন সমবায়ৰ সকলো কৰ্মচাৰীৰ সেৱা আগবঢ়ায়, শাসন চলাই উপ-বিধিত থকা ব্যৱস্থাৱলীৰে, নিৰ্ধাৰিত সেৱা চৰ্তৰ জৰিয়তে।

৮. এখন সমবায় সমিতিত চৰকাৰী বিষয়াই প্ৰতিনিধিত্ব কৰাৰ ব্যৱস্থা আছেনে?

আছে। অসম সমবায় সমিতি আইন ২০০৭ত চৰকাৰী বিষয়াৰ প্ৰতিনিধিত্বৰ ব্যৱস্থা ৰখা হৈছে সঞ্চালকৰ ব`ৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰাৰ ভিত্তিত।

৯. এখন সমবায় সমিতিয়ে প্ৰতিবছৰে বছৰেকীয়া সাধাৰণ সভা আহ্বান কৰাটো বাধ্যতামূলক নেকি?এখন সমবায় সমিতিৰ বি ও ডিয়ে পাঁচ বছৰ সম্পূৰ্ণ নকৰাকৈ এটা নিৰ্দিষ্ট বছৰত সভা আহ্বান নকৰা কাৰণে সমিতিখন ভংগ কৰিব পাৰেনে?

হয় পাৰে। সমবায় বৰ্ষ শেষ হোৱা তাৰিখৰ পৰা ১৮০ দিনৰ ভিতৰত সমবায় এখনে প্ৰতিবছৰে বছৰেকীয়া সাধাৰণ সভা আহ্বান কৰাতো বাধ্যতামূলক আৰু তেওঁলোকৰ এই কাৰ্য্যত দেখুওৱা অপাৰগতাত সমবায়ৰ বি ও ডি স্বয়ংক্ৰিয়ভাৱে ভংগ হয় ৩০ চেপ্তেম্বৰত।

১০. বছৰেকীয়া সাধাৰণ সভাৰ পূৰ্বে সমবায় সমিতিৰ ভোটাৰ তালিকা প্ৰকাশ আৰু প্ৰদৰ্শন কৰাতো বাধ্যতামূলক নেকি?

হয়। সমবায় সমিতি এখনৰ সঞ্চালক ব`ৰ্ডে ভোটাৰ তালিকা দুখন প্ৰস্তুত আৰু চূড়ান্ত কৰাটো বাধ্যতামূলক। এখন তালিকা যিখনত সদস্যসকল ভোটদান কৰিবলৈ যোগ্য আৰু আনখন তালিকা যিখনত সেইসকল সদস্য থাকিব যিবোৰৰ ভোট প্ৰদানৰ অধিকাৰ নাই। প্ৰতি বছৰে ১০ মে` তাৰিখে সমিতিৰ জাননী ফলকত তাক প্ৰকাশ কৰিব লাগে বছৰেকীয়া সাধাৰণ সভাৰ বৈঠকৰ পূৰ্বে।

১১. সমবায়ত ৰাজহুৱা তদৰ্থ সমিতিৰ কিবা ব্যৱস্থা আছেনে?

নাই। সমবায়ত ৰাজহুৱা তদৰ্থ সমিতি গঠন কৰিব পৰা ব্যৱস্থা এই আইনত নাই। সি যি কি নহওক, আইনত নিৰ্ধাৰণ কৰা এটা সময়ৰ কাৰণে সমবায়ত বিভাগীয় বিষয়া নিয়োগ কৰিব পাৰে নিৰ্বচন পতাৰ কাৰণে। সমবায়ৰ বছৰেকীয়া সভা আহ্বান কৰিব সমবায়ৰ অকৃতকাৰ্য্যতা সংঘটিত হ`লে।

১২. আমি ইতিমধ্যে ব্যৱসায় কৰি আছো। অধিক লাভ অৰ্জনৰ কাৰণে সমবায়ে আমাক কেনেদৰে সহায় কৰিব?

সমবায়বোৰে ব্যক্তিগত উৎসৰ পৰা টানি আনিছে সংগ্ৰিহীত পূঁজি। সম্পদ সৃষ্টি কৰবলৈ যিটোৱে বৃহৎ পৰিমাণৰ বৰঙণিৰ যোগান ধৰিব পাৰে যিকোনো ব্যৱসায় উৰ্ধ্বমূখী কৰাৰ কাৰণে পৰৱৰ্তী দিনত উচ্চ মানৰ স্থান লাভ কৰবলৈ।

১৩. ৮ প্ৰকাৰৰ সমবায় নীতি কি কি?

  • ঐচ্ছিক আৰু মুক্ত সদস্য ভূক্তি
  • গণতান্ত্ৰিক ভাৱে সদস্য নিয়ন্ত্ৰণ
  • সদস্য অৰ্থনীতিত অংশ গ্ৰহণ
  • স্বায়ত্ব শাসন আৰু স্বাধীনতা
  • শিক্ষা প্ৰশিক্ষণ আৰু তথ্য-জ্ঞান
  • সমবায় সমিতিবোৰৰ মাজত সহযোগীতা
  • সম্প্ৰদায়ৰ কাৰণে উদ্বিগ্ন
  • বৃক্তিগত পৰিচালনা