মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায়

উপ-বিধিৰ সংশোধন

      • পঞ্জীয়নভূক্ত সমিতিৰ উপবিধিৰ সংশোধন, সংযোজন সাল-সলনি বা নাম পৰিবৰ্তন আদি ২০০৭ চনৰ অসম সমবায় সমিতি আইনৰ অধীনত পঞ্জীয়ন কৰিব লাগে।
      • এনেকুৱা সংশোধনৰ প্ৰতিটো প্ৰস্তাৱ সমিতিৰ উপ-বিধি অনুসৰি সাধাৰণ অধিবেশনৰ সভাত লোৱা সিদ্ধান্ত মৰ্মে অনুমোদন জনোৱা হয় আৰু সিদ্ধান্ত লোৱাৰ এমাহৰ ভিতৰত পঞ্জীয়কৰ ওচৰলৈ প্ৰেৰণ কৰিব লাগে আৰু যদি পঞ্জীয়জন সন্তুষ্ট হয় যে প্ৰস্তাৱিত সংশোধনী এই আইন বা নীতিৰ বিৰুদ্ধ নহয়, তেওঁ বিবেচনা কৰে লিখিত ৰূপ দিয়াৰ বাবে যথাৰ্থ তেতিয়া সংশোধনীখন পঞ্জীয়ন কৰিব।
      • এখন সমিতিৰ উপবিধিৰ এখন সংশোধনী সাধাৰণ অধিবেশনত লোৱা সিদ্ধান্তৰ প্ৰতিলিপি সমবায় সমিতিয়ে পঞ্জীয়কৰ ওচৰলৈ প্ৰেৰণ কৰিব সাধাৰণ সভাই সিদ্ধান্ত গৃহীত কৰা তাৰিখৰ পৰা ৩০ দিনৰ ভিতৰত।
        এখন সংশোধনী প্ৰস্তাৱ পঞ্জীয়কৰ ওচৰলৈ প্ৰেৰণ কৰা প্ৰতিলিপি সভাপতি আৰু দুজন সঞ্চালকৰ দ্বাৰা স্বাক্ষৰ কৰা হ`ব লাগে আৰু তলত উল্লেখ কৰা বিষয়বোৰ লগত গাঁঠি দিব লাগিব:
        1. গ্ৰহণ কৰা সংশোধনী প্ৰস্তাৱৰ এটা প্ৰতিলিপি।
        2. সাধাৰণ সভাৰ তাৰিখ য`ত সংশোধনী প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু সেই তাৰিখত উপস্থিত থকা সদস্যৰ এখন তালিকা আৰু আন এখন তালিকা যিবিলাকে প্ৰস্তাৱৰ সপক্ষে বা বিপক্ষে ভোট প্ৰদান কৰিছিল তেনেকুৱা সাধাৰণ সভাত।
        3. তেনেকুৱা সাধাৰণ সভাত উপস্থিত থকা সদস্য এখন তালিকা আৰু আন এখন তালিকাৰ যিবিলাকে প্ৰস্তাৱৰ সপক্ষে বা বিপক্ষে ভোট প্ৰদান কৰিছিল তেনেকুৱা সাধাৰণ সভাত।
      • উপ-বিধিৰ সংশেধনী পঞ্জীয়কে বিবেচনা কৰিব তলৰ চৰ্তবোৰ পূৰ্ণ হ`লে, দৰাচলতে:
        1. সংশোধনীখন বৰ্তি থকা যিকোনো সমিতি বা আইনৰ ব্যৱস্থাৰ লগত বিৰোধপূৰ্ণ নহয়, একে ধৰণৰ বস্তুনিষ্ঠ বা সমবায় সমিতিৰ লক্ষ্য-উদ্দেশ্যৰ বিৰোধী নহয় আৰু
        2. সংশোধনীখন সমবায় নীতিক নিশ্চিয়তা প্ৰদান কৰে।
      • যেতিয়া এটা পঞ্জীয়নকৃত সমিতিৰ উপবিধিৰ সংশোধন পঞ্জীয়কে পঞ্জীয়ন কৰে তেওঁ তেওঁৰ দ্বাৰা সংশোধনীৰ প্ৰমাণ পত্ৰ এখনৰ প্ৰতিলিপি উলিয়াই সমিতিক দিব যিটো হ`বগৈ নিৰ্ণায়ক তথ্য যিটো সময়ত পঞ্জীয়নকৃত, যেতিয়ালৈ এইটো প্ৰমাণ কৰা নহয় যে পঞ্জীয়নভূৰ্ক্ত সমিতিখন বাতিল কৰা হৈছে বা পৰবৰ্তী সংশোধনী পঞ্জীয়ন কৰা হৈছে বা সংশোধনী সমিতিৰ প্ৰতিলিপিটো অনুগ্ৰহ কৰা হৈছে, সংশোধনীখন সমিতিৰ ওপৰত বাধ্যতামূলকভাৱে কাৰ্য্যকৰী হ`ব পঞ্জীয়নৰ তাৰিখৰ পৰা।
      • যদি এই চৰ্তবোৰৰ যিকোনো এটাৰো পৰিপূৰ্ণ নহয় সংশোধনীৰ পঞ্জীয়ন পঞ্জীয়কৰ দ্বাৰা অস্বীকাৰ কৰা হ`ব।
        কোৱা হয় যে এনেকুৱা অস্বীকাৰ কৰা নিৰ্দেশ পঞ্জীয়কৰ দ্বাৰা পাছ কৰা নহয়, সমবায় সমিতিক কোনো যুক্তিপূৰ্ণ সুযোগ দিয়া নহয় সংশোধনীখন পুনৰ্বিবেচনা কৰিবলৈ পঞ্জীয়কৰ নিৰ্দেশৰ আধাৰত তেওঁৰ দ্বাৰা নিৰ্ধাৰিত সময়ৰ ভিতৰত।
      • যদি সন্তুষ্ট হৈ সুযোগ দিয়াৰ সন্দৰ্ভত পঞ্জীয়কে বিবেচনা কৰাৰ পাছত উত্তৰ লাভ কৰে যে সংশোধনীৰ পুনৰ্বিবেচনাৰ নিৰ্দেশত সন্মতি জনোৱা হৈছে বা উত্তৰত সন্তুষ্টি প্ৰকাশ কৰা হৈছে, তেতিয়া তেওঁ সংশোধনী পঞ্জীয়ন কৰিব। যদি পঞ্জীয়কে নিৰ্ধাৰণ কৰা সময়ৰ ভিতৰত কোনো উত্তৰ গ্ৰহণ কৰা নহয় সমবায় সমিতিৰ পৰা, বা পঞ্জীয়কৰ নিৰ্দেশমতে সঁহাৰি নাহে, পঞ্জীয়কে সংশোধনীখন অস্বীকাৰ কৰিব পাৰে আৰু এনেকুৱা উত্তৰ গ্ৰহণ কৰাৰ পৰা ৩০ দিনৰ ভিতৰত বা ওপৰত উল্লেখ কৰা সমিতিৰ শেষ সময় উকলি যোৱাৰ পাছত তেওঁৰ সিদ্ধান্ত জনোৱা হ`ব।