মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায়

সাধাৰণ সভা

  • সাধাৰণ সভা:

    ব`ৰ্ডে যি কোনো সময়ত সমবায় সমিতিৰ সদস্যৰ সাধাৰণ সভা আহ্বান কৰিব পাৰে। সি যি কি নহওক, প্ৰতি সমবায় বৰ্ষত এখন সাধাৰণ সভা ব`ৰ্ডে নিশ্চয় পাতিব লাগে।

    সাধাৰণ সভাৰ বৈঠকত সভাৰ থুলতা:

    1. সাধাৰণ সভাৰ বৈঠকৰ কাৰণে সভাৰ থুলতা নিৰ্দিষ্ট কৰা হ`ব উপবিধিত, কিন্তু সভাত ভোট প্ৰদানৰ যোগ্যতা থকা সদস্যৰ ১০ শতাংশৰ কম হ`ব নোৱাৰিব।
    2. সাধাৰণ সভাৰ বৈঠকৰ কাৰণে সময় নিৰ্দিষ্ট কৰিলে যদি এক ঘণ্টাৰ ভিতৰত থুল প্ৰতিনিধি উপস্থিত নহয়, সাধাৰণ ভাৱে সভাখন মুলতবী ৰাখিব পৰবৰ্তী সপ্তাহৰ একেটা দিনলৈ একে ঠাইত একে সময়ত। কিন্তু সভাৰ সভাপতিয়ে, সি যি কি নহওক, স্থগিত ৰখাৰ সিদ্ধান্ত ল`ব পাৰে যদিও ১৫ দিনতকৈ বেছি পিছত নহয়।
    3. যদি যি কোনো সভাত সভাৰ থুলতা নাথাকে সভাপতিৰ কৰ্তৃপক্ষই ইয়াক স্থগিত ৰাখিব পাৰে তেনেকুৱা তাৰিখ বা সময়লৈ যিটো সঠিক বুলি গণ্য কৰা হয় আৰু লগে লগে তাক ঘোষণা কৰা হ`ব যদি এনেকুৱা সভাতো থুলতা ৰক্ষা পৰক বা নপৰক।
    4. মূল সভাত নিৰ্ধাৰিত কৰা কাৰ্য্যৰ বাহিৰে আন কাম কৰিব পৰা নহয় তেনেকুৱা পৰৱৰ্তী সভাত।
    5. সমবায় সমিতিৰ মুখ্য কাৰ্য্যালয়ৰ জাননী ফলকত তেনেকুৱা মুলতবীকৰণৰ এখন জাননী আঁৰি দিব লাগে যিদিনা সভাখন স্থগিত ৰখা হয় আৰু আশা কৰা হয় যে সেই জাননী খনেই যথেষ্ট পৰৱৰ্তী সভাৰ বাবে।
    6. প্ৰতিনিধি গোটৰ সাধাৰণ সভাৰ কাৰণে প্ৰয়োজনীয় প্ৰতিনিধি ২৫ শতংশৰ কম হ`ব নোৱাৰে প্ৰতিনিধি গোটৰ সাধাৰণ সভাত ভোট প্ৰদান কৰিব পৰা মুঠ যোগ্য প্ৰতিনিধিৰ ভিতৰত প্ৰতিনিধিৰ সাধাৰণ গোটৰ সভাত যিকোনো সময়ত যদি সভাৰ থুলতা ৰক্ষা নপৰে তেতিয়া উপধাৰা (১) ৰ পৰা (৫) লৈ নিৰ্দেশ কৰা কাৰ্য্য-প্ৰণালী অনুসৰণ কৰিব পাৰে।
    7. সাধাৰণ সভাৰ বৈঠকত সভাপতিয়ে সভাত সভাপতিত্ব কৰিব যদি সভাপতি অনুপস্থিত থাকে উপ সভাপতিয়ে সভাপতিত্ব কৰিব। যদি সভাপতি, উপ সভাপতি দুয়োজনেই উপস্থিত নাথাকে সাধাৰণ সভাৰ বৈঠকত, উপস্থিত সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজন বাছনি কৰি সভাপতি পাতিব।