মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায়

অনুসন্ধান আৰু পৰিদৰ্শন

অবলোকন:

(১) এখন সংযুক্ত বা গৌণ সমবায় সমিতিৰ ওপৰত পঞ্জীয়কে কাৰ্য্য ক্ষমতা প্ৰয়োগ কৰিব যিখন সমবায় সমিতি অনুমোদনৰ লগত জড়িত বা এখন ঋণদাতা সমিতি যিখনৰ ওচৰত সমবায় খন ধৰুৱা বা এক দ্বিতীয়াংশতকৈ সঞ্চালক কম নহয় বা দহভাগৰ এক অংশ সদস্যৰ অনুসন্ধান চলাই বা আইন বা উপবিধিৰ নিয়ম-ব্যৱস্থা ভংগ কৰা সম্পৰ্কীয় বিষয় অনুসন্ধানৰ কাৰণ হৈ পৰে।

(২) পঞ্জীয়কে অনুসন্ধানৰ আদেশ জাৰি কৰিব বা অনুসন্ধানৰ আবেদন নাকচ কৰাৰ কাৰণ দৰ্শাব আবেদন গ্ৰহণ কৰা তাৰিখৰ পৰা দহ দিনৰ ভিতৰত।

(৩)অনুসন্ধানৰ আদেশ জাৰি কৰা তাৰিখৰ পৰা ৩০ দিনৰ ভিতৰত অনুসন্ধান সম্পূৰ্ণ কৰিব। যদিহে ৩০ দিনৰ ভিতৰত অনুসন্ধান সম্পূৰ্ণ কৰিব নোৱাৰে তেতিয়া তাৰ কাৰণ সমূহ বিভাগীয় নথিত লিখিতভাৱে টুকি ৰাখিব।

(৪) পঞ্জীয়কে:

(ক) অনুসন্ধান সমাপনৰ তাৰিখৰ পৰা ৩০ দিনৰ সময়সীমাৰ ভিতৰত অনুসন্ধানৰ প্ৰতিবেদন প্ৰকাশ কৰিব বা জনাব লাগে-:

  1. সম্পৰ্কিত সমবায় সমিতিক, আৰু
  2. আবেদনকাৰী গৌণ সমবায় সমিতিক বা
  3. ঋণ গ্ৰহণকাৰী আবেদনকাৰীক, বা
  4. আবেদনকাৰী সঞ্চালকৰ দ্বাৰা নিয়োগ কৰা ব্যক্তি নতুবা
  5. আবেদনকাৰী সদস্যৰ দ্বাৰা নিয়োগ কৰা ব্যক্তিক।
 

(খ) উপ-ধাৰা (৩) ত উল্লখ কৰা সমাপ্তিৰ তাৰিখৰ পৰা পোন্ধৰ দিনৰ সময়সীমাৰ ভিতৰত নিৰ্ধাৰিত সময়ৰ ভিতৰত অসমাপ্ত অনুসন্ধানৰ কাৰণ দৰ্শাই প্ৰকাশ কৰিব লাগে লগতে উপ-ধাৰা ৪ৰ অধীনত থকাৰ দৰে পাৰ্টীক জনাব লাগিব অনুসন্ধান সম্পূৰ্ণ কৰিবলৈ অনুমানিক কিমান দিন ধাৰ্য্য কৰা হ`ল।

(৫) সম্পৰ্কিত সমবায় সমিতিয়ে প্ৰতিবেদন গ্ৰহণ কৰি সাধাৰণ সভা আহ্বান কৰিব লাগে বা বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰিব লাগে তাৰ ওপৰত কাৰ্য্যকৰী ব্যৱস্থা ল`বলৈ যি ধৰণে গোটে উচিত বুলি বিবেচনা কৰে যিটোত অৰ্ন্তভূক্ত হ`ব সকলোকে আঁতৰোৱা বা যিকোনো সঞ্চালকক আৰু নতুন সঞ্চালকৰ নিৰ্বাচন বা যিকোনো কাৰ্য্যপন্থা ল`ব পাৰে যিকোনো কৰ্মচাৰীৰ ওপৰত প্ৰয়োজন বোধে।

(৬)প্ৰতিবেদনৰ প্ৰতিলিপি এটা পঠাব সমবায় সমিতিৰ যি কোনো আন সদস্যৰ ওচৰলৈ, পঞ্জীয়কৰ দ্বাৰা নিৰ্ধাৰণ কৰা সমিতি পৰিদৰ্শনৰ ৮৮ টকা মাচুল পৰিশোধৰ পাছত।:

  1. প্ৰতিখন পঞ্জীয়ন সমিতি পঞ্জীয়কৰ দ্বাৰা বা যিকোনো ব্যক্তি তেওঁৰ দ্বাৰা কৰ্তৃত্ব প্ৰদান কৰা যিকোনো সময়ত পাৰিদৰ্শন কৰাবলৈ বাধ্য এটা সাধাৰণ বা বিশেষ আদেশ জাৰি কৰি আৰু ইয়াৰ উপবিধিত দিয়া ধৰণে অনুমোদন প্ৰাপ্ত সমিতিৰ দ্বাৰাও হ`ব পাৰে।
  2. এখন পঞ্জীয়নভূক্ত সমিতিৰ ঋণদাতাৰ আবেদন মৰ্মে লিখিত আদেশৰ জৰিয়তে যিকোনো সময়ত পঞ্জীয়ক বা তেওঁৰ দ্বাৰা কৰ্তৃত্ব প্ৰদান কৰা যিকোনো ব্যক্তিয়ে এখন পঞ্জীয়ন ভূক্ত সমিতিৰ ওপৰত পৰিদৰ্শন চলাব পাৰে।
 

কোৱা হয় যে উপ-ধাৰাৰ অধীনত কোনো ধৰণৰ পৰিদৰ্শন চলাব নোৱাৰিব যেতিয়ালৈকে:

  • প্ৰস্তাৱিত পৰিদৰ্শনৰ খৰচৰ কাৰণে পঞ্জীয়কে বোধ কৰা প্ৰয়োজন অনুসাৰে পঞ্জীয়ক সহিতে ঋণদাতাই আমানত ধন জমা নকৰা পৰ্য্যন্ত।
  • ঋণদাতাই পঞ্জীয়কক সন্তুষ্ট কৰিব লাগিব যে অভিযোগীত ঋণ খিনিৰ এটা ধনৰাশিহে দেয় নহয় আৰু তেতিয়াৰ পৰা তেওঁক পৰিশোধ কৰিবলৈ দাবী কৰা হৈছে আৰু যথাৰ্থ সময়ৰ ভিতৰত পোৱা হোৱা নাছিল সন্তুোষজনক কাৰণত।
 

ইয়াৰ উপৰি কোৱা হয় যে সমিতিখনক ৰায়দান শুনাৰ সূযোগ নিদিয়াকৈ এই উপবিধিৰ অধীনত পৰিদৰ্শন কাৰ্য্য সম্পাদন কৰিব লাগিব।

(৩) এই ধাৰাৰ অধীনত পৰিদৰ্শন কৰাৰ ফলাফল সমিতিখনক জনাব লাগিব আৰু যদি এজন ঋণদাতাৰ উপলক্ষ্যে ঋণ দাতা হয়।

  1. এটা ৰাজহুৱা বেংকৰ যিকোনো সমবায় সমিতিৰ পাছবুক চোৱাৰ অধিকাৰ থাকিব, সেইটো হ`ব পাৰে আৰ্থিক সাহাৰ্য্যৰ বাবে বেংকৰ ওচৰত আবেদন কৰা বা পূৰ্বতে আৰ্থিক সাহাৰ্য্যৰ কাৰণেও সেই বেংকৰ ওচৰত ধৰুৱা।
  2. এজন বিষয়াৰ দ্বাৰা পৰিদৰ্শন চলোৱা হ`ব নতুবা ঋণ প্ৰদান কৰা বেংকৰ যি কোনো আন সদস্যই পৰিদৰ্শন চলাব পাৰিব।
  3. বিষয়া বা ঋণ প্ৰদানকাৰী বেংকৰ আন সদস্যই চলোৱা তেনে পৰিদৰ্শন, সকলো যথাৰ্থ সময়ত বেংকৰ একাউণ্টত নথিপত্ৰ, আমানত নগদ ধন আৰু আন আন সা-সম্পত্তিত প্ৰৱেশ কৰিব পাৰে নতুবা সমবায় কমিতিৰ জিন্মাত থকা সময়তো তেওঁৰ দ্বাৰা পৰিদৰ্শনৰ কাৰণে প্ৰৱেশাধিকাৰ খটুৱাব পাৰে। এনেকুৱা তথ্য, বিবৃতি আৰু ধন পৰিশোধ তেওঁৰ দ্বাৰা প্ৰৱেশৰ কাৰণে প্ৰয়োজনবোধ কৰে সমিতিৰ আৰ্থিক অৱস্থা আৰু আৰ্থিক সাহাৰ্য্যৰ নিৰাপত্তা সমিতিক প্ৰদান কৰা বা ইতিমধ্যে ইয়াৰ কাৰণে কৰা ব্যৱস্থা হাতত ল`ব লাগে।
 

(৪) সংশ্লিষ্ট সমবায় কমিতিৰ প্ৰতিবেদন লাভ কৰাৰ পাছত পৰবৰ্তী বছৰেকীয়া সাধাৰণ সভা বা বিশেষ বছৰেকীয়া সাধাৰণ সভা আহ্বান কৰিব প্ৰতিবেদনৰ ওপৰত কাৰ্য্য কৰিবলৈ আৰু তেতিয়াৰ পাৰ তেনেকুৱা কাৰ্য্য কৰিবলৈ সাধাৰণ গোট হিচাবে যদি ভাবে যথাৰ্থ বুলি যিটোৰ অৰ্ন্তভূক্তিয়ে সকলোৰে স্থানান্তৰ ঘটাব পাৰে নতুবা যিকোনো সঞ্চালকৰ বা প্ৰয়োজন অনুসাৰে কৰ্মচাৰীৰ ওপৰত কাৰ্য্যকৰী ব্যৱস্থা ল`ব পাৰে।

(৫) লিখিত নিৰ্দ্দেশত আৰু পঞ্জীয়কৰ দ্বাৰা নিৰ্ধাৰণ কৰা মাচুল পৰিশোধৰ পাছত প্ৰতিবেদনৰ এটা প্ৰতিলিপি যিকোনো সদস্যৰ ওচৰলৈ যোগান ধৰিব লাগিব।

অনুসন্ধান আৰু পৰিদৰ্শনৰ খৰচ:

  • আইনৰ ধাৰা ৮৭ৰ অধীনত যেতিয়া অনুসন্ধান চলে নতুবা আইনৰ ধাৰা ৮৮ৰ অধীনত যেতিয়া অনুসন্ধান কৰা হয়, পঞ্জীয়কে বিকল্প হিচাবে বিপক্ষক শুনানিৰ এটা সুযোগ দিব পাৰে, খৰচৰ অংশ বিশেষ নতুবা তেনেকুৱা খৰচৰ অংশ তেওঁ যি হিচাবে যোগ্য বিবেচনা কৰে, সমিতিৰ মাজত, ইয়াৰ সদস্যসকল নতুবা অনুমোদিত সমিতি বা ঋণ দাতা বা এনেকুৱা পৰিদৰ্শনৰ কাৰণেও আবেদন কৰা ঋণ প্ৰদানকাৰী বা অনুসন্ধান, যি ধৰণৰ কেচ হ`ব পাৰে আৰু বিষয়া, পূৰ্বৰ বিষয়া, সদস্যসকল আৰু সমিতিৰ অতীতৰ সদস্যসকল।
  • পঞ্জীয়ন সমিতিৰ পুঁজিৰ পৰা খৰচ বহন কৰাৰ নামত ধন সংগ্ৰহ কৰিব নোৱাৰিব সমিতিৰ বাহিৰে আন কোনো সদস্যৰ দ্বাৰা প্ৰস্তুত কৰা আপিল আবেদনৰ সমৰ্থনত উপ-ধাৰা(১)ৰ অধীনত থকা এটা নিৰ্দেশৰ বিৰুদ্ধ কৰি।
  • আইনৰ ধাৰা ৮৭ৰ অধীনত যেতিয়া অনুসন্ধান আৰু পৰিদৰ্শন কৰিবলৈ পঞ্জীয়কৰ দ্বাৰা কৰ্তৃত্ব প্ৰদান কৰা যি কোনো ব্যক্তিৰ সকলো ক্ষমতা থকিব যেতিয়া তেওঁ এই ধাৰামতে কাৰ্য্যনিৰ্বাহ কৰে।
  • এই ধাৰাৰ অধীনত খৰচৰ বাবদ যিকোনো পৰিমানৰ ধন দিয়া হয় সি হ`ব পুনৰ প্ৰাপ্তিযোগ্য অনুসন্ধান আৰু পৰিদৰ্শনৰ নামত পৰিশোধ কৰিবলগীয়া মাচুল, হিচাপ পৰীক্ষা কৰা মাচুল বুজাবুজিৰে লোৱা হয় এখন সমবায়ৰ দাবী মঞ্জুৰী প্ৰমানপত্ৰৰ জৰিয়তে।