মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায়

মোৰ সমিতিখনৰ পঞ্জীয়ন কৰিব পৰা যাবনে?

তালিকাঃ

  • অতি কমেও ১০ জন ১৮ বছৰৰ ওপৰৰ পৃষ্ঠপোষকে চহী কৰা আবেদন পত্ৰ
  • ২০০৭ চনৰ অসম সমবায় সমিতি আইনৰ ধাৰা ১৭ (১)ৰ ব্যৱস্থা মতে পঞ্জীয়ন মাচুল আৰু উদ্বোধনী সাধাৰণ সভাৰ কাৰ্য্যক্ৰমণিকা, প্ৰস্তাৱিত উপ-ধাৰাৰ ৪টা প্ৰতিলিপি
  1. অৱলোকন:

    সমবায় সমিতি পঞ্জীয়ন কৰ্তৃপক্ষৰ ঠিকনাত আবেদন কৰিব পাৰি অতি কমেও ১০ জন ১৮ বছৰৰ ওপৰৰ পৃষ্ঠপোষকে চহী কৰা আবেদন পত্ৰত নাম-ঠিকনা দি উদ্দেশ্য আৰু প্ৰস্তাৱিত সমিতিৰ কৰ্ম এলেকাৰ লগতে পৃষ্ঠপোষকৰ যোগাযোগৰ সবিশেষ উল্লেখ কৰি।

  2. আবেদনৰ সৈতে প্ৰদান কৰিব লগীয়া নথি সমূহ
    • সমবায় সমিতি পঞ্জীয়ন কৰ্তৃপক্ষৰ ঠিকনাত আবেদন কৰিব পাৰি অতি কমেও ১০ জন ১৮ বছৰৰ ওপৰৰ পৃষ্ঠপোষকে চহী কৰা আবেদন পত্ৰত নাম-ঠিকনা দি উদ্দেশ্য আৰু প্ৰস্তাৱিত সমিতিৰ কৰ্ম এলেকাৰ লগতে পৃষ্ঠপোষকৰ যোগাযোগৰ সবিশেষ উল্লেখ কৰি.
    • পঞ্জীয়ন কৰ্তপক্ষই আবেদন পত্ৰ গ্ৰহণৰ তিনিদিনৰ ভিতৰত এজন বিষয়া প্ৰতিনিধি পঠিয়াব প্ৰস্তাৱিত সমবায়ৰ সম্ভাৱনীয়তা পৰীক্ষা কৰিবলৈ আৰু তেওঁ পৃষ্ঠপোষকৰ লগত আলোচনা কৰাৰ পাছত সমবায়খন বৰ্তি থকাৰ ওপৰত সমীক্ষা চলাব।
    • বিষয়া প্ৰতিনিধিয়ে ৭টা কৰ্মদিনৰ ভিতৰত সম্ভাৱনীতাৰ প্ৰতিবেদন দাখিল কৰিব স্পষ্ট মন্তব্য প্ৰকাশ কৰি এটা ব্যৱসায়ীক সংগঠন হিচাবে সমবায়ৰ সম্ভাৱনীয়তা আৰু প্ৰস্তাৱিত বিষয়বস্তুৰ প্ৰাপ্তিযোগ্যতা নিৰূপণ পৃষ্ঠপোষক সদস্যসকলৰ অংশগ্ৰহণৰ পৰ্য্যায় আৰু তেওঁলোকৰ প্ৰস্তাৱিত সমিতিখনৰ উদ্দেশ্য আৰু সহযোগীতাৰ নীতিৰ বিষয়ে সচেতনতা। বিভাগীয় বিষয়াৰ দ্বাৰা সমবায় সমিতিৰ সংগঠনৰ কাৰণে যদি সম্ভাব্যতাৰ পৰীক্ষা লোৱা হয়, পঞ্জীয়ন কৰ্তৃপক্ষই সমবায় সমিতিৰ পঞ্জীয়নৰ কাৰণে নিৰ্ধাৰিত প্ৰ-পত্ৰৰ প্ৰতিলিপি এটা পঠিয়াব সেইজন সংশ্লিষ্ট ব্যক্তিলৈ এটা নিৰ্দেশ সহকাৰে তেওঁলোকৰ উপবিধি গ্ৰহণ কৰি এখন উদ্বোধনী সাধাৰণ সভা আহ্বান কৰিব আৰু এজন বিষয়া প্ৰতিনিধি নিযুক্তি কৰিব একেটা বস্তু সহজসাধ্য কৰিবলৈ।
    • পৃষ্ঠপোষকসকলে পঞ্জীয়ন কৰ্তৃপক্ষৰ কাৰ্য্যালয়ৰ পৰা নিৰ্ধাৰিত প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰে সম্ভাব্যতা প্ৰতিবেদন দাখিল কৰা তাৰিখৰ পৰা ৭ দিনৰ পিছত যিকোনো এটা দিনত।
    • পৃষ্ঠপোষক সকলে তেতিয়া নিৰ্ধাৰিত প্ৰ-পত্ৰ ত আবেদন জমা কৰিব ২০০৭ চনৰ অসম সমবায় সমিতি আইনৰ ধাৰা ১৭ (১)ৰ ব্যৱস্থা মতে পঞ্জীয়ন মাচুল আৰু উদ্বোধনী সাধাৰণ সভাৰ কাৰ্য্যক্ৰমণিকা, প্ৰস্তাৱিত উপ-ধাৰাৰ ৪টা প্ৰতিলিপি ।
    • আনুষ্ঠানিক আবেদন আৰু পঞ্জীয়ন মাচুল গ্ৰহণ কৰাৰ পাছত পঞ্জীয়ন কৰ্তৃপক্ষই সমিতিখন পঞ্জীয়ন কৰিব আৰু নিয়মানুসাৰে পঞ্জীয়নৰ প্ৰমাণ পত্ৰ প্ৰকাশ কৰিব। যদি পঞ্জীয়ন কৰ্তৃপক্ষই জানিব পাৰে যে কিছুমান কাৰণত প্ৰস্তাৱিত সমিতিখন পঞ্জীয়ন কৰিব পৰা নাযায় সেই কৰ্তৃপক্ষই, পৃষ্ঠপোষক সকলৰ লগত যোগাযোগ কৰিব, কাৰণবোৰ লিখিত ভাৱে জনাৰ সম্ভাব্য প্ৰতিবেদন সংশ্লিষ্ট বিষয়াৰ পৰা গ্ৰহণ কৰাৰ পাছত ৫ দিনৰ ভিতৰত।
    • পঞ্জীয়নৰ সমগ্ৰ প্ৰস্তুতি অগ্ৰাধিকাৰৰ ভিত্তিত ২ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব আনুষ্ঠানিক আবেদন গ্ৰহণৰ তাৰিখৰ পৰা আৰু প্ৰস্তাৱিত সমিতিখন আশা কৰা হয় পঞ্জীয়ন কৰা হ`ব আনুষ্ঠানিক আবেদন, পঞ্জীয়ন মাচুল গ্ৰহণ কৰা তাৰিখৰ পৰা ৬০ দিনৰ ভিতৰত যদি নিৰ্ধাৰিত সময়ৰ ভিতৰত বিষয়তো বিন্যস্ত কৰা নহয়। অন্যথা.
    • সমবায় সমিতিৰ পঞ্জীয়ক, অসম (আৰ চি এছ) যদি ৰাজ্যিক পৰ্য্যায়ৰ হয়।
    • অতিৰিক্ত পঞ্জীয়ক / মাণ্ডলীক যুটীয়া পঞ্জীয়ক যদি প্ৰস্তাৱিত সমবায়খনে ২ বা ততোধিক জিলা সামৰি লয়।
    • সমবায় সমিতিৰ উপ-পঞ্জীয়ক (ডি আৰ চি এচ) যদি জিলা পৰ্য্যায়ৰ সমবায় হয়।.
    • সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক (এ আৰ চি এছ) আন প্ৰাথমিক পৰ্য্যায়ৰ সমবায়ৰ কাৰণে যদি হয়।
  3. মাচুল: 

    ২০০৭ চনৰ অসম সমবায় সমিতি আইনৰ ধাৰা ১৭ (১)ৰ ব্যৱস্থা মতে পঞ্জীয়ন মাচুল

  4. কাক যোগাযোগ কৰিব

    সমবায়বিভাগ দ্বিতীয়মহলা, ইব্লক অসমসচিবালয়, দিশপুৰ,গুৱাহাটী-৬ অসম