মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায়

সংহত সমবায় উন্নয়ন প্ৰকল্প

অবলোকন:

অসম ৰাজ্যত দুই ধৰণৰ সমবায় ঋণ গাঁঠনি আছে। অসম কোঅপাৰেটিভ এপেক্স বেংক লি: য়ে তেওঁলোকৰ সেৱা আগবঢ়াই মাত্ৰ কৃষিখণ্ডৰ ঋণ প্ৰধান কৰি। বৰ্তমান এই বেংকে হ্ৰস্বম্যাদী সমবায় ঋণ গাঁঠনি পেকেজ (এচ টি চি এছ) কাৰ্যকৰী কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা সঞ্জীৱিত পুঁজি সহায় লাভ কৰি বেংকৰ বিত্তীয় অৱস্থাৰ উন্নতি হৈছে আৰু লাভ অৰ্জন কৰিব পাৰিছে। ২০১৪-১৫ বৰ্ষত বেংকে মুঠ লাভ অৰ্জন কৰিছে ৭৭৪.৫৯ লক্ষ টকা। গুৱাহাটীৰ পান বজাৰত মুখ্য কাৰ্যালয়কে ধৰি অসমৰ বিভিন্ন ক্ষেত্ৰত ৬৭ টা এপেক্স বেংক আছে। এপেক্স বেংকৰ সকলোবোৰ শাখা কমিউটাৰষুক্ত হৈছে আৰু কোৰ বেংক ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। আন ৰাষ্টীয়কৃত আৰু ব্যৱসায়ীক বেংকৰ দৰে এপেক্স বেংকও আৰ টি জি এছ। এন ই এফ টি কাৰ্যকৰী কৰিছে। বেংকৰ জমাধনৰ বীমা কৰা অংকৰ অনুপাত লাভ কৰা হৈছে ১০.৬৫% যিটো সম্পদৰ ভাল অৱস্থাৰ কথাকে সূচাই দেশৰ আন ৰাজ্যিক সমবায় বেংকৰ তুলনাত। আন বেংকৰ লগত প্ৰতিদ্বন্দিতা কৰা আৰু গ্ৰাহকৰ সুবিধাৰ্থে এই বেংকে এটি এটিম ৰ সুবিধা কৰাৰ বাবে পৰিকল্পনা হাতত লৈছে।

প্ৰাথমিক কৃষি ঋণ সমিতিবোৰ (পি এ চি এছ) তলত উল্লখ কৰা হ`ল:

জিলা মহকুমা পি এচি এছৰ সংখ্যা
নলবাৰী নলবাৰী ২২
কামৰূপ ৰঙিয়া
গুৱাহাটী ৩৩
নগাওঁ নগাওঁ ৩৩
কলিয়াবৰ ১০
হোজাই ১৮
মৰিগাওঁ মৰিগাওঁ ২৮
বৰপেটা বৰপেটা ৪১
কোকৰাঝাৰ কোকৰাঝাৰ ১৪
গোঁসাইগাওঁ ১১
পৰ্বতযোৰা
ধুবুৰী ধুবুৰী ২৭
দক্ষিণ শালমাৰা হাতশিঙিমাৰী ১৩
গোৱালপাৰা গোৱালপাৰা ২২
বঙাইগাওঁ উত্তৰ শালমাৰা অভায়াপুৰী ১৩
চিৰাং চিৰাং ১২
বাক্সা বাক্সা ২৪
শোণিতপুৰ তেজপুৰ ২৯
বিশ্বনাথ চাৰিআলি ১৩
দৰং মঙ্গলদৈ ২১
ওদালগুৰি ওদালগুৰি
ভেৰগাওঁ ১২
ধেমাজি ধেমাজি ১২
জোনাই
লক্ষীমপুৰ ঢকুৱাখানা
উত্তৰ লক্ষীমপুৰ ২২
কৰিমগঞ্জ কৰিমগঞ্জ ১৬
আৰ কে নগৰ ১৭
শিলচৰ শিলচৰ ৩৯
হাইলাকান্দি ১৬
তিনিচুকীয়া তিনিচুকীয়া ১৯
শদিয়া
ডিব্ৰুগড় ডিব্ৰুগড় ৩৫
শিৱসাগৰ শিৱসাগৰ ১৫
নাজিৰা
চৰাইদেউ ১১
যোৰহাট যোৰহাট ১৮
তিতাবৰ ১১
মাজুলী
গোলাঘাট গোলাঘাট ৪২
মুঠ ৭১৪

এচকাৰ্ড:

এচকাৰ্ড বেংক পঞ্জীয়ন কৰা হৈছিল ১৯৫৫-৫৬ চনত। এইটো এটা ভূমি বন্ধক বেংক। এই বেংকটো ৰেগুলেচন এক্টৰ অধীনত নাই কিন্তু ই পৰিচালিত হয় ১০৬০ চনৰ অসম সমবায় ভূমি বন্ধকী বেংক আইনৰ আৰু অসম সমবায় ভূমি বন্ধকী বেংক আইন ১৯৬১ৰ অধীনত।

যেতিয়া সমবায় ঋণ গাঁঠনিয়ে হ্ৰস্বম্যদী কৃষি ঋণ দিয়ে তেতিয়া এচকাৰ্ডে মধ্যমীয়া আৰু দীৰ্ঘ ম্যাদী কৃষি ঋণৰ যোগান ধৰিছিল। গোটেই ৰাজ্যখনত এচকাৰ্ড বেংকৰ মুঠ ২৮ টা শাখা আছে। পূৰ্বতে, প্ৰখমিক ভূমি বন্ধক বেংক (পি এল এম বি) জিলা পৰ্যায়ত আছিল আৰু পাছলৈ সংশোদন কৰি ইয়াক প্ৰথমিক কৃষি সমবায় বেংক কৰা হ`ল যিটো শেষত এচকাৰ্ড লি:ৰ লগত চামিল হয়।

সম্প্ৰতি এইবোৰ প্ৰাথমিক কৃষি সমবায় বেংক এচকাৰ্ড বেংকৰ শাখা হিচাবে সাম কৰি আছে। এচকাৰ্ড বৰ্তমান বিত্তীয় স্থিতি বিপদসংকুল। এচকাৰ্ডৰ এতিয়া অতি শোচনীয় আৱস্থা ভুল ব্যৱস্থাপনাৰ কাৰণে। চৰকাৰে ব্ৰস্বম্যাদী সমবয় ঋণৰ গাঁথনি (এছ টি চি চি এছ)ৰ পুনজীৱিত কৰাৰ কাৰণে পদক্ষেপ হাতত লৈছে বৈদ্যনাথন সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰি। চৰকাৰে দীৰ্ঘম্যাদী সমবায় ঋণ গাঁথনিৰ পুমৰুজ্জীৱিত কৰিবলৈ এতিয়া পৰ্যন্ত পদক্ষেপ গ্ৰহণ কৰা নাই।

সংহত সমবায় উন্নয়ন প্ৰকল্প