মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায়

অনুশীলনৰ পৰা শিক্ষা

এন চি ডি চি বঁটা

সমবায় উৎকৃষ্টতাৰ বাবে এন চি ডি চি ৰ দ্বাৰা পৰচালিত দ্বি-বাৰ্ষিক ৰাষ্টীয় বঁটা গ্ৰহণ কৰোঁতাসকল হ`ল-:

  • ভোলাগুৰি সত্ৰ এছ এছ লিঃ কলিয়াবৰ, ২০০২ বৰ্ষ
  • দুৱাৰবাগৰি এছ এছ লিঃ নগাওঁ, ২০০৪ বৰ্ষ
  • নাগশংকৰ জি পি এছ এছ, শোণিতপুৰ, ২০১০ বৰ্ষ
  • দক্ষিণ ৰামপুৰ এছ এছ লিঃ কামৰূপ, ২০১২ বৰ্ষ
 

যোৰহাটৰ কনকলতা মহিলা নগৰ সমবায় বেংকৰ সাফল্যৰ কাহিনী,

কনকলতা মহিলা নগৰ সমবায় বেংক লিঃ যোৰহাট :

  • কনকলতা মহিলা নগৰ সমবায় বেংক লিঃ হৈছে ৰাজ্যৰ ভিতৰতে একমাত্ৰ মহিলা সমবায় বেংক যিটো ১৯৯৮ চনত পঞ্জীয়ন কৰা হৈছিল ।
  • কনকলতা মহিলা নগৰ সমবায় বেংক লিঃ সংগঠিত হৈছিল মহিলাৰ দ্বাৰা, পৰিচালিত হয় মহিলাৰ দ্বাৰা আৰু সেৱা আগবঢ়োৱা হয় কেৱল মহিলাৰ জৰিয়তেহে ।
  • মূলধনৰ অংশ আৰু সাময়িকভাৱে লোৱা বেংকৰ ধাৰ-ঋণ কেৱল মহিলাৰ কাৰণেহে আৰু আন আন সেৱাবোৰ সকলোৰে বাবে ।
  • ৭০ শতাংশতকৈ বেছি গ্ৰাহক অশিক্ষিত আৰু ৮৫ শতাংশ গ্ৰাহক অনুসূচিত জাতি, জনজাতি, সংখ্যালঘূ আৰু আন পিচ পৰা শ্ৰেণীৰ অৰ্ন্তভূক্ত ।
 

কিছু সবিশেষ-:

  • শাখাৰ সংখ্যা -৪
  • কৰ্মচাৰীৰ সংখ্যা -২০
  • অংশভূক্ত সদস্যৰ সংখ্যা -৮,৩৫৫ জন
  • অংশ মূলধন -৪৩,৫০ লাখ টকা
  • জমা পূঁজিৰ পৰিমান-৬৩.৯৮ লাখ টকা
  • জমাকাৰীৰ সংখ্যা – ২৫,৯২৭ জন
  • মুঠ জমা ধনৰ পৰিমান- ৭৪,৩০৮ লাখ টকা
  • ঋণ গ্ৰহণ কৰোঁতা -১,৯৬৮ জন
  • মুঠ ঋণৰ পৰিমাণ আৰু অগ্ৰিম ধন- ৪২১.৯৯ লাখ টকা
  • চি ডি সমানুপাত -৫৬:৭৯
  • মুঠ এন পি এ- ২.৬৬
  • পৰিশোধৰ শতকৰা পৰিমাণ-৯০.০৩
  • কাৰ্যকৰী মূলদনৰ পৰিমাণ-১০৮৭.৬০ লাখ টকা
  • লাভ উপাৰ্জনৰ পৰিমাণ- ৬০.১৭ লাখ টকা (সকলোবোৰ ব্যৱস্থা হৈ উঠে ২০০০ চনৰ পৰা)
 

গুৱাহাটী তেল শোধনাগাৰ কৰ্মচাৰী সমবায় সমিতিৰ সাফল্যৰ চমু কাহিনী-

গুৱাহাটী তেল শোধনাগাৰ কৰ্মচাৰী সমবায় সমিতি লিঃ ৰ চমু ইতিহাস আৰু সাফল্যৰ প্ৰতিচ্ছবি- পঞ্জীয়ন নং জি /১০৬০-৬১ ৰ জি/১১৭

গুৱাহাটী তেল শোধনাগাৰ কৰ্মচাৰী সমবায় সমিতি প্ৰথমতে পঞ্জীয়ন কৰা হৈছিল ভাৰতীয় তেল শোধনাগাৰ সমবায় ভাণ্ডাৰ লিঃ হিচাবে । ১৯৬১ চনৰ ২৯ মাৰ্চত পঞ্জীয়ন নং জি /১০৬০-৬১ ৰ জি/১১৭ পঞ্জীয়ন কৰা হৈছিল যাৰ মুখ্য উদ্দেশ্য আছিল কৰ্মচাৰীক সেৱা আগবঢ়োৱা । সৰ্বপ্ৰথমে গুৱাহাটী তেল শোধনাগাৰ সমবায়ত গেলামাল আৰু গ্ৰাহকৰ বাবে আন প্ৰয়োজনীয় বস্তু-সামগ্ৰী ৰখা হৈছিল । শোধনাগাৰ কৰ্তৃপক্ষই যোগান ধৰা ঘৰ এটাত চেক্টৰ ২ত প্ৰথমে ব্যৱসায় আৰম্ভ কৰা হৈছিল । পৰৱৰ্তী কালত ১৯৬৫ চনত সমবায় ভাণ্ডাৰে ৰূপ সলাই গুৱাহাটী তেল শোধনাগাৰ কৰ্মচাৰী সমবায় সমিতি লিঃ নাম ল`লে আৰু সমিতিৰ পৰিচালন সমিতিয়ে এটা সচেতন চিন্তাৰে ইয়াৰ শ্ৰীবৃদ্ধি কৰাৰ লগতে ব্যৱসায় সম্প্ৰসাৰণ কৰি প্ৰয়োজনীয় ক্ৰয়যুক্ত বস্তুৰ যোগান ধৰি বসবাসকাৰী আৰু কৰ্মচাৰীৰ লাভৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । সমিতিৰ পদ্ধতিগত উন্নতিৰ এটা লেখ জোখ তলত দিয়া হ`ল-

১. পেট্ৰ`লজাত উৎপন্ন সামগ্ৰীৰ খুচুৰা বিক্ৰী:১৯৬৭ চনত জি আৰ চি এছ লিঃ এ ব্যৱসায়ীক অনুমতিপত্ৰ নং এ এছ ১৮০১ এ লাভ কৰে ভাৰতীয় তেল বজাৰ অঞ্চলৰ পৰা এম এছ, এইছ এছ ডি আৰু লুব্ৰিকেণ্টছৰ ব্যৱসায় কৰাৰ বাবে । কেইবা বছৰৰ উৎকৃষ্ট পৰিচালনা আৰু উত্তম সেৱাৰ কাৰণে আৰ / ও ই সুনাম অৰ্জন কৰিব পাৰিছিল গোটেই উত্তৰ-পূৰ্বাঞ্চলত আৰু তাৰ কাৰণেই আই ও চি এল ব্যৱসায়ী ডিভিজনৰ পৰা সোণালী কাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল । এই খুচুৰা বিক্ৰী প্ৰতিষ্ঠানতো বৃহত্তৰ গুৱাহাটীৰ গ্ৰাহকৰ কাৰণে উৎকৃষ্ট সেৱা কেন্দ্ৰ ৰূপে বিবেচিত হৈছিল।

২. কাপোৰৰ দোকান: ব্যৱসায়তো বিস্তৃত আৰু বহল কৰাৰ উদ্দেশ্যে সমিতিৰ পৰিচালনা সমিতিয়ে সিদ্ধান্ত লৈছল চেক্টৰ ২ ত এখন কাপোৰৰ দোকান খোলাৰ বাবে যাতে শোধনাগাৰ কৰ্মচাৰীবোৰৰ লগতে স্থানীয় লোকৰ বৰ্ধিত দাবী পুৰণ কৰি সন্তুষ্ট কৰিব পৰা যায় উন্নত মানৰ কাপোৰৰ যোগান ধৰি । কাপোৰৰ দোকানখনৰ যদিও দুখ লগা আৰম্ভণি আছিল পাছলৈ কিন্তু উল্লখযোগ্য উন্নতি কৰিব পাৰিছিল আৰু ইয়াৰ বছৰেকীয়া বাৱসায় ৪০ লাখতকৈ বেছি হোৱা পৰলক্ষিত হয়।

৩. তীখা বা ষ্টীলৰ দোকান:সময় অতিবাহিত হোৱাৰ লগে লগে পৰিচালন সমিতিয়ে লক্ষ্য কৰিলে ঘৰুৱা সা-সামগ্ৰীৰ বৰ্ধিত দাবী আৰু সেয়ে পৃথকে এখন ষ্টীলৰ দোকান প্ৰতিষ্ঠা কৰিলে আন স্থায়ী গ্ৰাহকক ঘৰুৱা সামগ্ৰীৰ যোগান ধৰাৰ বাবে। দোকানখনে এতিয়া শোধনাগাৰ কৰ্মচাৰীৰ লগতে আন স্থায়ী গ্ৰাহকক সেৱা আগবঢ়াই আহিছে।

৪. এল পি জি শাখা : এল পি জি ভৰোৱাৰ কাৰণে শোধনাগাৰ কৰ্মচাৰীৰ বাহিৰেও ওচৰ পাজৰৰ গ্ৰাহকৰ বৰ্ধিত অভাৱ পুৰণ কৰাৰ উদ্দেশ্যে আই ও চি এল ব্যৱসায়ীক বিভাগে প্ৰৱেশ কৰিছিল ব্যৱসায়ীক বিতৰণক অনুমতি দিয়াৰ কাৰণে আৰু একেটাৰ বাবে অনুমতিপত্ৰ লাভ কৰিছিল ১৯৮৮ চনৰ ২২ মাৰ্চত । তেতিয়াৰ পাৰ এল পি জি খণ্ডই ক্ৰমে আগবাঢ়িছিল আৰু সম্প্ৰতি ৫ হাজাৰৰো অধিক গ্ৰাহক লাভ কৰিছে । আমাৰ গ্ৰাহকে সাংঘাতিক ধৰণে সন্তুষ্টি লাভ কৰা হেতুকে ।

৫.সমিতিয়ে ১৯৯৪-৯৫ চনৰ পৰা দ্বৈত প্ৰৱেশ পদ্ধতিৰ শুভাৰম্ভ কৰিছে একক প্ৰৱেশ ব্যৱস্থাৰ ঠাইত আৰু ফলস্বৰূপে হিচাপ-নিকাচ আৰু মিলামিছাতো সহজ হৈ পৰিছে । সমিতিয়ে সমগ্ৰ ব্যৱসায়ৰ কাম-কাজ কম্পিউটাৰাইজ কৰি টেলি হিচাপ ব্যৱস্থাৰ লগে লগে হাতেৰে কৰা হিচাপ-নিকাচ ব্যৱস্থাও বাহাল ৰাখিছে ২০০৮-২০০৯ চনৰ পৰা । ই সন্তোষজনক পৰিমাণৰ লাভ উপাৰ্জন কৰাৰ লগতে নিয়মিত ভাৱে আয়কৰ, ভেট আৰু আন বাধ্যতমূলক যেনে ৰি এফ, ই এছ আই , বিত্তীয় আৰু সেৱাকৰ, ইয়াৰ কৰ্মচাৰীৰ দেওনা পৰিশোধ কৰি আহিছে ।

সমিতিৰ সদস্যসংখ্যা ১৯৬০ চনৰ ৪৪ জনৰ পৰা ২০১৪ চনৰ মাৰ্চলৈ ৭৪০ জনলৈ বৃ্দ্ধি পাইছে । সমিতিৰ বৰ্তমান কৰ্মচাৰী ৫১ জন আৰু ভৱিষ্যতে বৃদ্ধি কৰা হ`ব যেতিয়া বাৱসায়টো বহল আৰু ভাগ ভাগ হয় ২০১৫ চনত গুৱাহাটী শোধনাগাৰ আই ও চি এল ৰ পৰিচালনাৰ দ্বাৰা নতুন আহল- বহল আধুনিক আচ-বাব থকা ঠাইলৈ স্থানান্তৰ হোৱাত।

শোধনাগাৰ পৰিচালনা সমিতিলৈ এই সমিতি চিৰ কৃতজ্ঞ তেওঁলোকৰ পৃষ্ঠপোষকতা আৰু আকুণ্ঠ সহযোগৰ বাবে । সমিতিখনক সদায় অনুভৱ কৰা হয় আই ও চি এলৰ প্ৰয়োজনীয় অংগ হিচাবে যেতিয়াৰ পৰা দুয়োটা সংগঠন ওচৰা-ওচৰিকৈ আগবাঢ়ি গৈছে আৰু দুয়োটা সংগঠনে তেওঁলোকৰ সোণালী জয়ন্তী উদযাপন কৰে ২০১১-২০১২ চনত । সদস্যসকল আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সেৱা আগবঢ়োৱাৰ লগতে জি আৰ ই চি এছ লিঃ য়ে সহায়ৰ হাত আগবঢ়াই আহিছে নুনমাটিত থকা অনাথ আশ্ৰম আৰু এলাকাত থকা আন অনুষ্ঠান- প্ৰতিষ্ঠান সমূহলৈ ।